Mathematics fast chapter(গণিত প্ৰথম অধ্যায়)

                    সংহতি ( sets)

সংহতি বুজোৱা পদ্ধতি দুটা:--

i) তালিকাভুক্তিকৰণ পদ্ধতি (Roster or tabular form)

ii) সংহতি-গঠন পদ্ধতি (set-builder form)

i) তালিকাভুক্তিকৰণ পদ্ধতিত সকলোবোৰ উপাদান কুটিল বন্ধনীৰ {} মাজত কমা চিনেৰে বিচ্ছিন্ন কৰি লিখা হয়। 

উদাহৰণ স্বৰূপে 7 তকৈ সৰু সকলো যুগ্ম অখণ্ড সংখ্যাৰ সংহতি তালিকাভুক্তিকৰণ পদ্ধতিত এনেদৰে লিখা হয় {২,৪,৬} ।

টোকা:- উল্লেখ কৰিব পাৰি যে তালিকাভুক্তিকৰণ পদ্ধতিত সংহতি লিখোতে উপাদান এটা বাৰে বাৰে  লিখা নহয় অৰ্থাৎ সকলোবোৰ উপাদান পৃথক। 

উদাহৰণ স্বৰূপে  SCHOOL শব্দটোৰ আখৰবোৰৰ সংহতি {S,C,H,O,L}বা{H,O,L,S,C} ইয়াত উপাদানবোৰ লিখাৰ ক্রমটোৰ কোনো দৰা বন্ধ কথা নাই।

 ii) সংহতি-গঠন পদ্ধতি, সংহতি এটাৰ সকলোবোৰ উপাদানৰ এটা উমৈহতীয়া ধৰ্ম আছে, যিটো ধৰ্ম সংহতি থাকে আন উপাদানত নাই। উদাহৰণ স্বৰূপে { a,e,i,o,u} সংহতিটোত উমৈহতীয়া ধৰ্ম আছে অৰ্থাৎ প্ৰতিটোৱেই ইংৰাজী বৰ্ণমালাৰ একোটা স্বৰবৰ্ণ,অন্য বৰ্ণৰ এই ধৰ্ম নাই। 

এইটো সংহতিটোক "V"ৰে বুজোৱা হল। 

    এতিয়া আমি এনেদৰে লিখিম :-

    V={x:x ইংৰাজী বৰ্ণমালাৰ এটা স্বৰবৰ্ণ }

English translation image


Comments

More

English notes for Arts and science

গণিত প্ৰথম অধ্যায় (সংহতি)

গণিত প্ৰথম অধ্যায় (সংহতি)